পাহাৰৰ শিলাময়তাত
নৈ খন পাগল হয়
সাগৰৰ প্ৰেমত
ময়ো পাগল "নীলা"
তোমাৰ প্ৰেমত....
স্থিতপ্ৰজ্ঞ পাহাৰখন
গলি যাব খোজে নৈৰ প্ৰেমত
পাহাৰৰ শিলাময়তাত
নৈ খন পাগল হয়
সাগৰৰ প্ৰেমত
পাহাৰৰ বুকুৰ শিলবোৰোতেই
নৈৰ জন্ম ৰহস্য,
জীৱনৰ আদিমতম সত্য...
নৈখনে প্ৰতিবাৰেই বাত হেৰুৱায়
অন্ততঃ সাগৰ বিছাৰি পায়
সাগৰৰ বিশালতাত মৃত্যু হয় নৈখনৰ
পাহাৰৰ শিলাময়তাই জীয়াই ৰাখে নৈখন
পাহাৰখন গলি গলি বৈ যায় নৈৰ সোতত
জী উঠে নৈখন , পাগল হয় সাগৰৰ প্ৰেমত
"নীলা" মৰিব দিয়া মোক
সুহুৰি এটা হৈ
তোমাৰ লাস্যময়ী খোজত!