নৈ খন শুই আছিল
মই আগুৱাই গলো
এটা পাক লগা সন্ধিয়াৰ বাট....
জোনটিয়ে নদীখনৰ ঠিক সোমাজত
আঘাত কৰিছে
যেন এইমাত্ৰ মৃত্যু হ'ব নৈ খনৰ!
শিলবোৰে শুনা নাই সেই যন্ত্ৰণাৰ মাত...
নদীখন শুই নাছিল। মৃত্যু হৈছিল।
বুকুত কাঁচিৰ আঘাত লৈ
নিৰ্জনতাৰ ধুমুহাত মৃত নৈ.....
⏩অৰ্ণৱ জ্যোতি ডেকা
No comments:
Post a Comment